ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগ

অসম চৰকাৰ ,Government of Assam

Integrated Land Records Management System (ILRMS)


ধৰিত্ৰী

ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগ :: অসম চৰকাৰ


দীৰ্ঘম্যাদী অৰ্থনৈতিক উন্নয়ন আৰু সামাজিক, সাংস্কৃতিক সৌহাৰ্দ্য আৰু সম্প্ৰীতিৰ বাবে দেশৰ ভূমি সম্পদ ৰাশিৰ সুদক্ষ পৰিচালনা যে আধুনিক প্ৰযুক্তি আৰু উদ্যোগীকৰণৰ পৰিপ্ৰেক্ষিতত অতিশয় গুৰুত্বপূৰ্ণ সেয়া সাৰ্বজনীন ভাৱে স্বীকৃত। দ্ৰ্ৰতগামী নগৰীকৰণত এই ভূমি সম্পদৰ পৰিপূৰ্ণ ব্যৱহাৰৰ বিষয়টোয়ে এক নতুন মাত্ৰা লাভ কৰিছে। মানৱ দৰদী আৰু সামগ্ৰিক প্ৰেক্ষাপটত ভূমি সম্পদৰ যথোচিত পৰিচালনা সদায়েই এক অতি প্ৰয়োজনীয় বিষয় হিচাবে স্বীকৃত হৈ আহিছে কাৰণ ক্ৰমবৰ্দ্ধমান প্ৰতিযোগিতামূলক চাহিদাৰ ওপৰত নিৰ্ভৰ কৰি ভূমি সম্পদৰ সমতুল আৰু সমুচিত ব্যৱহাৰৰ ক্ষেত্ৰত এক পদ্ধতিগত আৰু ফলপ্ৰসু সিদ্ধান্ত লব পৰা যায়। উইলা কাথাৰৰ ভাষাত কবলৈ গলে - ভূমি সম্পদ ভৱিষ্যত প্ৰজন্মৰ বাবেই। আকৌ টমাচ জেফাৰচনৰ মতে- কোনো প্ৰজন্মই নিজৰ অৱস্হিতিৰ ধাৰাবাহিকতাত পৰিশোধ কৰিব লগা ঋণৰ পৰিমান হ্ৰাস বা সংকোচন কৰিব নোৱাৰে। আনহাতে, মচ কাচে এই ক্ষেত্ৰত কৈছে, - এই ধুনীয়া ধৰণী আমি আমাৰ পূৰ্বপূৰুষৰ পৰা উত্তৰাধিকাৰ সুত্ৰে আমাৰ যি মন যায় তেনেদৰে ব্যৱহাৰৰ বাবে লাভ কৰা নাই। আমি আমাৰ সতি-সন্ততিৰ পৰাহে ইয়াক ঋণ হিচাপে পাইছো আৰু ইয়াৰ ব্যৱহাৰৰ ক্ষেত্ৰতো আমাৰ নিজৰ তথা ভৱিষ্যত প্ৰজন্মৰ সুফলৰ কথাও মনত ৰাখিব লাগিব। পুনৰ থিওদৰ ৰুজভল্টে কৈছে – জনগণৰ বাবে । এই কথাষাৰেৰে বৰ্তমানে জীৱন ধাৰণ কৰা সকলো লোক তথা ভবিষ্যতে জন্মলাভ কৰিব লগীয়া মানুহ বা মনুষ্য সন্তানৰ কথাও বুজাব লাগিব, অন্যথা সেই বিখ্যাত গণতান্ত্ৰিক আদৰ্শৰ পৰা আমাৰ বিচ্যুতি ঘটিব । এইখিনিতে আল্ডো লিউপল্ডৰ ভাষাত- আমি ভূমি সম্পদৰ অপব্যৱহাৰ কৰিছো কাৰণ ভূমিক আমাৰ গাইগুটীয়া সম্পতি / সামগ্ৰী হিচাবেহে জ্ঞান কৰি আছো। কিন্তু যেতিয়া সমগ্ৰ ভূমি সম্পদক আমাৰ মাজৰে সম্প্ৰদায় বা সমাজৰ এক অংগ হিচাবে জ্ঞান কৰিম তেতিয়া হয়তো ইয়াক আমি ভাল পাবলৈ, শ্ৰদ্ধা কৰিবলৈ আৰম্ভ কৰিম। সামগ্ৰীক ভাবে সকলোৱে ইয়াকে কৈছে যে, ভূমিৰ দৰে মূল্যবান সম্পদৰাশি অতি সাৱধানেৰে, স্পৰ্শকাতৰভাবে ব্যৱহাৰ কৰাটো অতি জৰুৰী।


ভূমি ৰাজহ বিভাগটো হৈছে ৰাজ্যখনৰ এক অতিশয় পুৰণি বিভাগ যাৰ অস্তিত্ব ১৮৭৪ চনৰ পৰাই থকা দেখা যায়। পূৰ্বতে এই বিভাগে বন, প্ৰব্ৰজন আৰু শ্ৰম, বিত্ত, উদ্যোগ, জৰীপ ও বন্দোৱস্তী, কৃষি, পশুপালন, জলসিঞ্চন, সমবায়, মংস্যপালন, প্ৰত্নতাত্বিক আৰু সংগ্ৰহালয়, শুল্ক ইত্যাদি কেইবাটাও বিষয় সামৰি লৈছিল। এই বিভাগটোক ইং ১ মাৰ্চ, ২০০৭ চনত ৰাজহ আৰু দুৰ্য্যোগ ব্যৱস্হাপনা বিভাগ হিচাপে নকৈ নামাকৰণ কৰা হয়। সময় আৰু বৰ্তমান যুগৰ প্ৰয়োজনীয়তাৰ সৈতে খাপ খোৱাকৈ বিভাগটোক পৰ্য্যায়ক্ৰমে আধুনিক কৰি গঢি তুলিবলৈ ৰাজ্য চৰকাৰে প্ৰয়াস কৰিছে।


অসম চৰকাৰৰ ৰাজহ আৰু দুৰ্য্যোগ ব্যৱস্হাপনা বিভাগৰ ইলেকট্ৰনিক প্ৰশাসনৰ আন্ত গাথনিত সংস্কাৰ সাধনৰ যোগেদি বিভাগটোৰ কাম কাজৰ ক্ষে্ত্ৰত দক্ষতা, স্বচ্ছতা আৰু নাগৰিক কেন্দ্ৰীকতা আনিবলৈ যত্নপৰ হোৱা দেখা গৈছে।


এই ক্ষেত্ৰত লক্ষ্যনীয় ভাৱে অনলাইন সংহত ভূমিলেক্ষ্য পৰিচালনা ব্যৱস্হাৰ আওঁতাত চাৰিটা অতিশয় গুৰুত্বপূৰ্ণ ই-প্ৰকল্প- স্হাৱৰ সম্পত্তিৰ বিক্ৰী তথা মালিকানা হস্তান্তৰৰ ক্ষেত্ৰত আপত্তিহীন প্ৰমান পত্ৰ প্ৰদান, ধৰিত্ৰী-ভূমিলেক্ষ্য পৰিচালনা আৰু পৰিবৰ্দ্ধন ব্যৱস্হা, ই-পঞ্জীয়ন অনলাইন যোগে সম্পত্তিৰ পঞ্জীয়ন তথা ভূমি ৰাজহ সংগ্ৰহ ব্যৱস্হাক ইয়াৰ সৈতে সাঙুৰি লোৱা হৈছে। এই সংহত ভূমিলেক্ষ্য পৰিচালনা ব্যৱস্হাৰ যোগেদি সাধাৰণ নাগৰিকে ভূমি সম্পৰ্কীয় নথি-পএ পৰ্য্যবেক্ষন/পৰীক্ষা কৰাৰ সুবিধা লাভ কৰিব আৰু ইয়াৰ যোগেৰে মাটি-বাৰী বিক্ৰী, হস্তান্তৰ, পঞ্জীয়ন আদিৰ ক্ষেত্ৰত দুৰ্নীতি মুক্ত কৰি নিম্নস্তৰৰ জনসাধাৰনক খৰতকীয়া সেৱা আগবঢাব পৰা যাব।


আন আন ই-গৱৰনেঞ্চ ব্যৱস্হাৰ ভিতৰত যেনে অনলাইন এম. আই. এছৰ যোগেদি ৰাজহ বিভাগৰ গুৰুত্বপূৰ্ণ তথ্য সংগ্ৰহ সহজসাধ্য কৰি তোলা হৈছে। নথি-পএ, দস্তাবেজ আদিৰ সংৰক্ষণৰ ক্ষেত্ৰতো লক্ষণীয় পৰিবৰ্তন আনিব বিচৰা হৈছে। ই-চফৰৰ জৰিয়তে বিভাগীয় বিষয়া-কৰ্মচাৰীৰৰ ক্ষেএ পৰিদৰ্শন/ভ্ৰমন আদিৰ তদাৰকী তথা পৰিকল্পনাৰ ক্ষেত্ৰত এক আমূল পৰিবৰ্তন অনা হৈছে। আধুনিক ৰেকৰ্ড ৰূম স্হাপনৰ যোগেদি ৰাজহ তথা বন্দোৱস্তী সম্বন্ধীয় যাৱতীয় নথি-পত্ৰ/দস্তাবেজ আদি বিজ্ঞানসন্মত ভাবে সংৰক্ষণ কৰাৰ ব্যৱস্হা হাতত লোৱা হৈছে।


উক্ত ইলেকট্ৰনিক প্ৰশাসন ব্যৱস্হাৱলীৰ সুদক্ষ প্ৰয়োগৰ বাবে এলানি আন্ত গাথনিমূলক সংস্কাৰৰ পদক্ষেপ হাতত লোৱা হৈছে। অসম ভূমি তথ্য আৰু পৰিচালনা সমাজ, গাওঁ ভূমি পৰিচালনা আৰু সংৰক্ষণ সমিতি, জিলা পৰ্য্যায়ত সংহত ভূমিলেক্ষ্য পৰিচালনা ব্যৱস্হাৰ বাবে জিলা পৰ্য্যায়ত পৰামৰ্শদাতা নিয়োগ, ৰাজহ চক্ৰ পৰ্য্যায়ত দুৰ্যোগ ব্যৱস্হাপনাৰ ক্ষেএ বিষয়া নিয়োগ, গাওঁবুঢা ব্যৱস্হা নথকা জিলাত নতুনকৈ গাওঁবুঢা নিয়োগৰ ব্যৱস্হাকৰণ আৰু তেহচিলদাৰী ব্যৱস্হাৰে ৰাজহ সংগ্ৰহ হৈ থকা ৭ (সাত) খন জিলাত মৌজাদাৰী ব্যৱস্হা প্ৰৱৰ্তন ইত্যাদি এই ক্ষেত্ৰত উল্লেখনীয় পদক্ষেপ হিচাপে গন্য হব।


প্ৰচলিত ভূমি আইন আৰু নিয়মাৱলীৰ সম্পূৰ্ণৰূপে সংশোধন তথা পৰিবৰ্ধন কৰাই এক আধুনিক তথা ভবিষ্যতমূখী অসম ভুমি ৰাজহ কোড আৰু অসমৰ ভূমি বন্দোৱস্তী তথা অধিবাসীৰ ওপৰত সামগ্ৰীক ইতিহাস ৰচনাৰ কথাও চিন্তা কৰা হৈছে। ইয়াৰোপৰি, ১৯০৮ চনৰে পঞ্জীয়ন আইন, ১৮৯৯ চনৰ ভাৰতীয় ষ্টাম্প আইনৰ সংশোধনৰ জৰিয়তে সামগ্ৰীক ব্যৱস্হাৰ উন্নিতকৰণ তথা ৰাজহ সংগ্ৰহৰ ক্ষেএত এক বৈপ্লৱিক পৰিবৰ্তন আনিব বিচৰা হৈছে। সম্প্ৰতি ৰাজ্যৰ কেইবাখনো জিলাত ইলেকট্ৰনিক ষ্টাম্পিংনৰ ব্যৱস্হা প্ৰৱৰ্তন কৰা হৈছে ।


আন এক অন্যতম গুৰুত্বপূৰ্ণ দিশ/প্ৰচেষ্টা লৈছে, ৰাজ্যৰ সকলো ৰাজহ গাওঁতে গ্ৰাম্য ভূমি ব্যৱহাৰ আচঁনিৰ প্ৰৰ্বতন- যাৰ যোগেদি প্ৰতিখন গাওঁৰ ভূমি সম্পদ ৰাশিৰ যথোচিত ব্যৱহাৰ তথা উপযুক্ত সংৰক্ষণ আৰু সংবৰ্দ্ধন নিশ্চিত কৰিব পৰা যাব। বৰ্তমানৰ চৰকাৰৰ উদ্যোগত সমগ্ৰ ভূমিলেখ্য আৰু জৰীপ প্ৰক্ৰিয়াৰ আধুনিকীকৰণৰ বাবে অত্যাধুনিক প্ৰযুক্তিগত সা-সৰঞ্জাম যেনে -ডি.জি.পি.এচ./ই.টি.এছ. আদিৰ প্ৰয়োগ, ৰাজহ গাওঁৰ মেপ আধুনিকীকৰণৰ ক্ষেএত ভূ-নক্সা নামৰ এক ছফটৱেৰৰ যোগেদি সমগ্ৰ ব্যৱস্হাটোত এক আমূল পৰিবৰ্তন আনিবলৈ চেষ্টা কৰা হৈছে । বৰ্তমানৰ জৰীপ আৰু পুনৰ বন্দোৱস্তীৰ প্ৰশাসনিক পৰিকাঠামোক পুনৰ গঠন কৰি জিলা পৰ্য্যায়ত ইয়াক অধিক কাৰ্য্যক্ষম কৰাৰ বিষয়টো বিবেচনা কৰি থকা হৈছে।


ভূমিলেক্ষ্যসমূহৰ ডিজিটাইজেচনৰ যোগেৰে জনসাধাৰণৰ পৰিদৰ্শনৰ বাবে ইয়াক সহজলভ্য কৰাটোও অসম চৰকাৰৰ অন্যতম এক আধুনিক সংস্কাৰকামী পদক্ষেপ। এই পদক্ষেপে ৰাইজ আৰু প্ৰশাসনৰ মাজৰ ব্যৱধান কমোৱাৰ লগতে প্ৰচলিত ব্যৱস্হালৈ অধিক স্বছ্ছতা আনিব বুলি আশা কৰিব পাৰি। আধুনিকীকৰণ প্ৰচেষ্টা এক গতিশীল প্ৰক্ৰিয়া আৰু সেয়েহে এই ব্যৱস্হাক আগলৈ অধিক সহজ, উন্নত তথা স্বয়ং সম্পূৰ্ণ কৰাৰ প্ৰয়াস জাৰি থাকিব।


ওপৰত উল্লেখ কৰা সকলো প্ৰচেষ্টা বৰ্তাই ৰখাৰ বাবে বৰ্তমানৰ চৰকাৰখন সম্পূৰ্ণ দায়বদ্ধ আৰু এই ক্ষেত্ৰত সংস্কাৰমূলক ব্যৱস্হাৱলীয়ে সমগ্ৰ বিভাগটিলৈ এক জাগৰণ আনিবলৈ নিশ্চয় সক্ষম হব।





    Designed and Developed By


Disclaimer


Contents provided and maintained by Revenue & Disaster Management Department, Govt. of Assam.
Copyright © All Rights Reserved , Government of Assam.

Last Updated on 19 Feb 2018.